স্বাধীনতা দিৱসত দেশাত্মবোধৰ ভাবনাৰে উজ্জীৱিত কলাক্ষেত্ৰ
বৰ্ণময় পৰিৱেশত “পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা” আৰম্ভ
গুৱাহাটী, ১৬ আগষ্টঃ স্বাধীনতা দিৱসৰ দিনটোত আৰম্ভ হোৱা “পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা”ক লৈ দেশাত্মবোধৰ ভাবনাৰে উজ্জীৱিত হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদ৷ সাদিনীয়া এই নাট্য উৎসৱৰ আজিৰ দ্বিতীয় দিনা দুটাকৈ দৰ্শনীত মঞ্চস্থ কৰা হয় নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰাৰ “গোভাৰজা ছত্ৰচিংঃ অপ্ৰতিৰোধ্য দেওৰজা” নামৰ নাটকখন৷ নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী “ৰংগমেলা”ই পৰিৱেশন কৰা নাটকখনে দৰ্শকসকলক আপ্লুত কৰে৷ আজিৰ নাট্যানুষ্ঠানত বিশিষ্ট অতিথিৰূপে ভাগ লোৱাসকলৰ মাজত আছিল————————আদি৷ নাটক আৰম্ভ হোৱাৰ প্ৰাকক্ষণত প্ৰেক্ষাগৃহ পৰিসৰত “পূৰ্বৰংগ” শীৰ্ষক কলাত্মক অনুষ্ঠানত কৃষ্ণাক্ষী কাশ্যপৰ পৰিচালনাৰে এক দেশপ্ৰেমমূলক কলাত্মক কাৰ্যসূচী পৰিৱেশন কৰা হয়৷
আনহাতে, কালি নাটমেলাৰ উদ্বোধনীৰ দিনটোত শ্ৰী শ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হয় হিল্লোল কুমাৰ পাঠকৰ “গোপীনাথঃ যুগজয়ী স্বপ্নদ্ৰষ্টা” নামৰ নাটকখন৷ অবিনাশ শৰ্মাই পৰিচালনা কৰা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পৰিৱেশন কৰা মনোগ্ৰাহী নাটকখন দুটাকৈ দৰ্শনীত মঞ্চস্থ কৰা হয়৷ স্বাধীনতা সংগ্ৰামত বীৰত্বৰ পৰিচয় দিয়া তথা আত্মাহুতি দিয়া পূৰ্বোত্তৰৰ অবন্দিত বীৰ-বীৰাংগনাসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্যৰে আয়োজন কৰা নাটমেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰি কালি দ্বিতীয় দৰ্শনীত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য৷ ৰাজ্যপালগৰাকীয়ে কলাক্ষেত্ৰ সমাজৰ এই সজ প্ৰয়াসৰ শলাগ লয়৷ নাট্যনুষ্ঠানত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ মাজত আছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদদ্বয় দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি, মেয়ৰ মৃগেন শৰণীয়া, গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈ, আৰ এছ এছৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, বিশিষ্ট নাট্য ব্যক্তিত্ব দুলাল ৰয় আদি৷ স্বাধীনতা সংগ্ৰামত গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকনৰ দৰে বৰেণ্য যোদ্ধাসকলৰ সবল নেতৃত্ব, গান্ধীজীৰ অসম আগমন, অসহযোগ তথা আইন অমান্য আন্দোলন আদি বিভিন্ন দিশ সামৰি সাৱলীলভাৱে উপস্থাপন কৰা নাটখনে পূৰ্ণ প্ৰেক্ষাগৃহৰ দৰ্শকক আপ্লুত কৰে৷ অসম আৰু অসমীয়াৰ দেশাত্মবোধ সজীৱ হৈ পৰে নাটখনৰ মাজত৷
উল্লেখ্য যে নাট মঞ্চস্থ হোৱাৰ পূৰ্বে অত্যাধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰেক্ষাগৃহ পৰিসৰত আয়োজন কৰা “স্বৰাজ পৰিক্ৰমা” শীৰ্ষক প্ৰদৰ্শনী আৰু “পূৰ্বৰংগ” নামৰ কলাত্মক কাৰ্যসূচী মুকলি কৰে কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে৷ এই দুয়োটা কাৰ্যসূচী স্বৰাজ আন্দোলনৰ গৰিমাৰ আধাৰত যুগুত কৰা হৈছে৷ কালিৰ “পূৰ্বৰংগ” কাৰ্যসূচীত স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাক লৈ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী “থাৰ্ড আই”-এ পৰিৱেশন কৰে বিজিত কুমাৰ দাস পৰিচালিত নৃত্য নাটিকা “তৰিলে দেশ মৰিলে স্বৰ্গ”৷ আনহাতে, “স্বৰাজ পৰিক্ৰমা” শীৰ্ষক প্ৰদৰ্শনীখনত বহু আপুৰুগীয়া ছবি আৰু দৃশ্য-শ্ৰব্য অনুষ্ঠান দৰ্শকৰ বাবে অন্যতম আকৰ্ষণত পৰিণত হয়৷ তদুপৰি নাটমেলা উপলক্ষে প্ৰকাশিত “ৰূপান্তৰ” নামৰ আটকধুনীয়া স্মৃতিগ্ৰন্থখনো সচিবগৰাকীৰ লগতে বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে৷ কাৰ্যসূচীসমূহৰ আঁত ধৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী নয়ন প্ৰসাদে৷ “পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা”ত কাইলৈ সন্ধিয়া ৫ আৰু ৭-৩০ বজাত পংকজজ্যোতি ভূঞাৰ “মাংৰী মেমঃ সেউজী অগ্নিকন্যা” নামৰ নাটকখন মঞ্চস্থ কৰা হ’ব৷ পবিত্ৰ চেতিয়া পৰিচালিত নাটকখন পৰিৱেশন কৰিব দুলীয়াজানৰ “পথাৰ”-এ৷






















