বিহুক বহল পৃথিৱীলৈ আগুৱাই নিব লাগিবঃ ডঃ অনিল শইকীয়া
নাৰায়ণপুৰ, ৬ মাৰ্চঃ “বিহুটিক কেৱল আমাৰ চোতালতে সীমাবদ্ধ কৰি নাৰাখি বহল পৃথিৱীলৈ কঢ়িয়াই নিব লাগিব৷ বিহুৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি জগতমুখী যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত বিহু কৰ্মশালাৰ যথেষ্ট গুৰুত্ব আছে৷” এই মন্তব্য লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা শিক্ষাবিদ ডঃ অনিল শইকীয়াৰ৷ বৰনাৰায়ণপুৰস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত আয়োজিত সপ্তাহজোৰা বিহু কৰ্মশালাৰ আজিৰ সামৰণী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে আগবঢ়োৱা ভাষণত ডঃ শইকীয়াই এইদৰে কয়৷ তেওঁ লগতে মুকলি বিহুৰ সুদীৰ্ঘ পৰিক্ৰমাৰ ওপৰতো আলোকপাত কৰে৷
উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তত্ত্বাৱধানত আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাখনত সহস্ৰাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ সেই সূত্ৰে কৰ্মশালাখন উত্তৰ অসমৰ সৰ্ববৃহৎ বিহু কৰ্মশালাৰূপে চিহ্নিত হৈছে৷ কৰ্মশালাখনত নাৰায়ণপুৰৰ কাষৰীয়া বিশ্বনাথ, মাজুলী, ধেমাজি আদি জিলাৰ উপৰি চুবুৰীয়া ৰাজ্য অৰণাচল প্ৰদেশৰপৰা অহা প্ৰশিক্ষাৰ্থীয়েও ভাগ লয়৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীৰ সমাৱেশে কৰ্মশালাখনক অনন্য ৰূপ প্ৰদান কৰে৷ যোৱা ৩০ মাৰ্চৰপৰা ৫ এপ্ৰিললৈ অনুষ্ঠিত কৰ্মশালাখনত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল বিহু বিশেষজ্ঞ ৰঞ্জিত গগৈ আৰু অভিনেত্ৰী তথা নৃত্যশিল্পী ডঃ গায়ত্ৰী মহন্ত৷
“ব’হাগৰ পদূলিতে মাৰি যাওঁ” বিহু শীৰ্ষক আজিৰ সামৰণী অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে কয় যে ব্যৱহাৰিক ৰূপত বিহুক আগুৱাই নিব লাগিব৷ তেওঁ কৰ্মশালাৰ প্ৰশিক্ষক আৰু প্ৰশিথাৰ্থীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আগন্তুক সময়ত অধিক বহল পৰিসৰত কৰ্মশালাৰ আয়োজন কৰাত গুৰুত্ব আৰোপ কৰে৷ অনুষ্ঠানত শ্ৰী শ্ৰী বদলা পদ্ম আতা সত্ৰৰ সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত, বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া আৰু জ্যেষ্ঠ বিহুৱতী বিমলা গগৈয়েও সন্মানীয় অতিথি হিচাপে ভাগ লয়৷ কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা শিল্পীসকলে বিহুনাচ, ঢোল-পেঁপা বাদনৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ আনহাতে, কলাক্ষেত্ৰৰ বাকৰিত আজিৰ অনুষ্ঠান উপলক্ষে দৃষ্টিনন্দনভাৱে সজাই-পৰাই তোলা আদৰ্শ অসমীয়া গাঁও এখনৰ প্ৰতীকী দৃশ্যপট আছিল অন্যতম আকৰ্ষণৰ কেন্দ্ৰ৷ সামৰণী অনুষ্ঠানৰ পূৰ্বে কলাক্ষেত্ৰৰ পৰিসৰত স্থাপিত “অৰ্কিড কুঞ্জ” নামাংকিত এক অৰ্কিড গৃহ মুকলি কৰা হয়৷ বিভিন্ন দুষ্প্ৰাপ্য অৰ্কিডেৰে সজোৱা “অৰ্কিড কুঞ্জ”ৰ উন্মোচনী অনুষ্ঠানত কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ লগতে শ্ৰী শ্ৰী ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী, নাৰায়ণপুৰৰ পৌৰপতি হৰিশ চন্দক, বিশিষ্ট শিক্ষাবিদ ডঃ প্ৰবীণ শইকীয়া, বিশিষ্ট কৃষক গোবিন হাজৰিকা আদিয়েও ভাগ লয়৷
হুঁচৰি, জেং বিহু, মুকলি বিহু পৰিৱেশনৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰসমূহ বিতৰণ কৰা হয়৷ অনুষ্ঠানত কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে নিজ নিজ অনুভৱ প্ৰকাশ কৰে৷