Published On: May 18th, 2026Categories: Events

বৰ্ণময় কাৰ্যসূচীৰে “শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ দিৱস” পালন

নাৰায়ণপুৰ, ১৭ মে’ ২০২৬ঃ নাৰায়ণপুৰত স্থাপিত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বৰ্ণময় কাৰ্যসূচীৰে “শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ দিৱস” পালন কৰা হয়৷ এই উপলক্ষে বিয়লি ৫ বজাৰপৰা অনুষ্ঠিত হয় মুকলি সভা আৰু বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী৷ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটো বন্তি প্ৰজ্বলনৰে মুকলি কৰা হয়৷ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত সম্পন্ন হোৱা সত্ৰীয়া কৃষ্টিৰ কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এটি বৰগীত পৰিৱেশন কৰাৰ পাছতে আৰম্ভ হোৱা মুকলি সভাত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ বিভিন্ন আন্তঃগাঁথনি তথা সাংস্কৃতিক পৰিক্ৰমাক লৈ প্ৰস্তুত কৰা এক দৃশ্য-শ্ৰব্য কাৰ্যসূচী পৰিৱেশন কৰা হয়৷ সভাত সন্মানীয় অতিথিৰূপে বিহপুৰীয়া বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ভূপেন বৰা তথা বিশিষ্ট অতিথি হিচাপে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰূপজ্যোতি চৌধুৰী, শ্ৰীশ্ৰীবদলা পদ্মআতা সত্ৰৰ সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত, লখিমপুৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, জিলা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দক, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি প্ৰাঞ্জল শইকীয়া উপস্থিত থাকে৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ বিভিন্ন কৰ্মসূচী আৰু পৰিকল্পনাৰ দিশত আলোকপাত কৰি আদৰণী ভাষণ আগবঢ়ায়৷ সভাত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰাই তেওঁৰ ভাষণত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাৰ ইতিহাস ব্যাখ্যা কৰাৰ লগতে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানক আটকধুনীয়াকৈ সজাই-পৰাই তোলাত গুৰুত্ব আৰোপ কৰে৷

মুকলি সভাতে সমাজ জীৱনলৈ বহুমূলীয়া অৱদান আগবঢ়োৱা বৃহত্তৰ নাৰায়ণপুৰ-বিহপুৰীয়া অঞ্চলৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷ তেওঁলোক হৈছে বৰেণ্য স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, বিশিষ্ট সমাজসেৱক গোলোক হাজৰিকা আৰু অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা৷ অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ তদুপৰি শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ “সুৰ-সম্ভাৰ” উন্মোচন কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰা আৰু বিশিষ্ট ব্যক্তিসকলে৷ তাৰ পূৰ্বে বিশিষ্ট উদ্যোগী গোৱিন হাজৰিকাই আগবঢ়োৱা আৰ্থিক বৰঙনিৰে কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰিবলৈ লোৱা মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰা হয়৷ সন্ধিয়া বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে “শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ দিৱস”ৰ সফল সমাপ্তি ঘটোৱা হয়৷