পৰিকল্পিত সন্মিলন পৰিষৰ ৩ টা প্ৰেক্ষাগৃহৰ ইতিমধ্যে ৩০০ আসন যুক্ত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু ১২৫০ আসন যুক্ত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰক্ষাগৃহ ক্ৰমে ৩০ জানুৱাৰী ২০০৬ আৰু ০১ মাৰ্চ ২০১৬ ৰ পৰা কাৰ্যকৰী হৈ আছে ।

৮০০ আসন যুক্ত তৃতীয় প্ৰেক্ষাগৃহৰ নিৰ্মাণ কাৰ্য চলি আছে ।

স্থান আৰক্ষণ ব্যৱস্থা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বিভিন্ন দল সংগঠন, সাংস্কৃতিক বা শৈক্ষিক কাৰ্যকলাপ, কৰ্মশালা, গোষ্ঠী, সন্মিলন আদিৰ বাবে প্ৰয়োজন সাপেক্ষে কলাক্ষেত্ৰ প্ৰাংগনত থকা স্হান অথবা প্ৰেক্ষাগৃহ আৰক্ষণৰ ব্যৱস্থা ৰাখিছে ।