পুথিভঁৰাল

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ এক মৌলিক পুথিভঁৰাল বহুতো পুৰণি পাণ্ডুলিপি আৰু বিৰল গ্ৰন্থ সম্ভাৰেৰে পৰিপুষ্ট । এই পুথিভৰালত এক প্ৰকাশনীয় শাখা আছে, যাৰ জৰিয়তে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু জনগোষ্ঠীয় সাহিত্যৰ উপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি নৃগোষ্ঠীয় সাহিত্য সম্ভাৰ সময়ে সময়ে প্ৰকাশ কৰা হয় । অসমীয়া গীতি সাহিত্য, আলোচনা চক্ৰ, অসমীয়া লোক সাহিত্য আদি বিষয়ক, এই পুথিভৰালৰ দ্বাৰা সংৰক্ষণ কৰা হয় । এই পুথিভঁৰাল বিভিন্ন শাখাত বিভক্ত । যেনে – কলা-সংস্কৃতি, সাহিত্য, সংগীত-নাটক আদি ।